Wednesday, 5 October 2016

চামাৰ কেম্প আৰু ফচং



ভাদমহীয়া টিকাফটা ৰদ এজাকে গোটেই গোটেইখন ডেইপুৰি নিছে । খেতি উঠি নাঙল ধোৱা পিঠা খাইও ৰাইজ আজৰি হল । গতিকে ৰদজাকৰ বাবে কোনেও সূৰ্য দেৱতাক গালি নাপাৰিলে । ৰাইজৰ কোনোবাই ভাত ঘুমটি মাৰিছে,কোনোবাই তাঁত-শালত বহিছে আকৌ কোনোবাই কোনোবাই শাৰী পাতি ওকণী মাৰিছে । আমাৰ ফচঙে আক ৰাতিয়েই ডালশলিয়া এটা চিকাৰ কৰিছিল । এবেলা বিচনাৰ তলত পৰি সেইটো খাই শেষ কৰি লাহেকৈ বাহিৰলৈ ওলাই আহিছেভাগ্যই সি যে বিচনাৰ তলত মাংস ভোজন কৰি আছিল বুলি আইদেৱে গম নাপালে নহলে তাৰ ফালে ফৰ্মুঠি এটা ওফৰি আহিলেইহেঁতেন । গেঁঠেলাটোহৈ ফচং কঁঠালজোপাৰ তলত ৰলহি । ইতিমধ্যে বাকী ৰাইজে তাতে মেল মাৰি আছিল । ফচং গৈ পখৰাৰ গাতে গা লগাই লেপেটা কাঢ়ি বহি হেৰি নহয়...বুলি মাত এষাৰ লগালে । ইমানপৰে মেলৰ মুখ্য বক্তাৰ ৰূপে টেপটেপাই থকা বগীবুঢ়ীয়ে ফচঙৰ হেৰিটো শুনিয়েই জকজকাই উঠিল
-আহিল আমাৰ ডোং পিন্ধা শিয়ালটো । কব এতিয়া কিবা এতিয়া কিবা এটা ।
-বুঢ়ী,তোৰ চকুত চানি পৰিছে বুজিছ । চকুত কিবা কিবি লগাবি । মই হেন এই মস্ত মেকুৰীটোক শিয়াল বুলিছ যেতিয়া তোৰ দিন কাষ চাপিছে ।.... বাৰু ৰাইজ বুঢ়ীৰ কথা বাদ দিছোঁ.. হেৰি নহয় চামাৰ কেম্পৰ কথা কিবা ভাবিছনে ?
-চামাৰ কেম্প !! এইটো আক কি বস্তু ! খায় নে পিন্ধে !!!
ফচঙৰ মুখত শব্দটো শুনিয়েই সকলোৰে মুখত প্ৰশ্নবোধক চিনডাল ট টকৈ জিলিকি উঠিল । তাকে দেখি ফচং খেক-খেকাই হাঁহি উঠিল
-ইছ ৰাম ময়েই মূৰ্খ । তহঁত অজ্ঞানী, নিৰক্ষৰ সোপাই কৰ চামাৰ কেম্পৰ বিষয়ে জানিব আক । শুন চামাৰ কেম্প মানে এই যে গৰমৰ দিনত মানুহৰ পোৱালীবোৰে কিছুমান ঠাইলৈ গৈ বনভোজ খাই খেল ধেমালি কৰে সেইটোৱেই চামাৰ কেম্প ।
-সেইটোৱেই যদি চামাৰ কেম্প আমি সেইটোৰ কথা ভাবিম কিয় ? সেইটোৰ কথা মানুহে যি ভাৱে ভাবি থাকক ।
চাটৰিয়ে কাষতে থকা ধুলি এখিনিত সাউৎকৰে নখটো মাৰি কলে । চাটৰিৰ উফাইদাং মৰা কথা শুনি খঙ উঠিছিল যদিও যিমানপাৰে কোমল মাতেৰে ফচঙে বুজাবলৈ চেষ্টা কৰিলে ।
-হেৰৌ কেৱল মানুহেই চামাৰ কেম্পলৈ যাব পাৰে নে আমিবোৰেও পাৰোঁচোন ।
-তাৰমানে আমিবোৰেও এতিয়া মানুহৰ দৰে কৰবালৈ গৈ চামাৰ কেম্পনে ফামাৰ কেম্পক খাবগৈ লাগে...হিঃহিঃহিঃ
বগীবুঢ়ীয়ে ফচঙৰ কথাত বৰ ডাঙৰ কিবা এটা ৰসপোৱাৰ দৰে পেটত ধৰি হাঁহিবলৈ ধৰিলে । তাকে দেখি ফচঙৰ স্বাভাৱিক খঙটো উঠি আহিল ।
-চুপ বুঢ়ী । মই তোক এনেই কওঁ নে তই হাঁহহৈয়ে যি জনম ললি আৰু হাঁহৰ মুৰটো অলপো বিকাশ নকৰাকৈয়ে মৰিবি । গোবৰ এসোপা সোমাই আছে যেশুন মই অকলেও চামাৰ কেম্পলৈ যাব পাৰোঁ কিন্তু ঘৰৰ পৰিয়াল বুলি তহঁতক লগ ধৰিছিলোঁ । ভাবিছিলোঁ তহঁতিও জীৱনটো অলপ উপভোগ কৰিবি । নাই তহঁতৰ সেইবোৰত কিবা মন কাণ থাকিলেহে ।
-তই খং নকৰিবিচোন ফচং । ইহঁতি নাজানে কাৰণেহে তেনেকৈ কৈছে । বাৰু তোৰ পৰিকল্পনাটো কচোন ।
পখৰাই ঘোপা চকুৰে সকলোকে মনে মনে থাকিবলৈ কৈ ফচঙক বুজালে । পখৰাৰ বুজনিত ফচং শান্ত হল । সি তাৰ পৰিকল্পনাৰ কথা কলেএইবাৰহে সকলোৰে মন উচপিচ লাগিল । ৱাহ কিমান মজা পৰিকল্পনা ! কিন্তু...প্ৰথমে জেতুকিয়েই মাত লগালে
-মোৰ যে শুনিয়েই যাওঁ যাওঁ লাগিছে কিন্তু নতুন পোৱালী দুটালৈ কৰবালৈ গলে আইদেৱে ফলা খৰিৰে কোবাব । মই পাছৰ বাৰতে যাম দে । এইবাৰ তহঁতিয়ে যা ।মই বাৰু কিবা কিবি খোৱা বস্তু যোগাৰ কৰি দিম ।
ৰংমনে মইও যাম বুলি কবলৈ ঠোঁটটো মেলিছিলহে ফঙচক একেবাৰেই দেখিব নোৱাৰা ৰঙিলিয়ে মাৰিলেই নহয় খোঁটটো-বৰষুণ নহাৰ আগতেই ঘৰৰ ভিতৰখন ঠিক-ঠাক কৰাৰ কথা পাহৰিলা নেকি..খবৰদাৰ কলৈকো যাব নোৱাৰা ।
ৰঙিলিৰ ধমকত ৰংমন চুপ-চাপ থাকিল । টুকুলুৱে আক জাপ দুটা মাৰি ময়ো যাম বুলি কবলৈ পালেহে ফচঙে নিজেই ডবিয়াই উঠিল-থ থ তই যাব নালাগে । কৰবাত হেৰাবিগৈ আৰু ভাইটিয়ে ঔকিল শোধাব আমাক । মুঠতে যোৱাৰ নামত কেৱল ফচং আৰু পখৰাৰ নামহে থাকিলগৈ । অৱশ্যে হাঁহৰ পৰিয়ালটোৱেও তেতিয়াও নিজৰ মাজতে টেপটেপাই আলোচনা কৰি আছিল । অৱশেষত হাঁহৰ আলোচনা শেষ হবগীবুঢ়ীয়ে গল-খেকাৰি এটা মাৰি ডিঙিটো পৰিষ্কাৰ কৰি যিমান পাৰে সিমান মিহিকৈ মাতষাৰ উলিয়াই কলে-বুজিছ ফচং আমিবোৰে বহুত আলোচনা কৰিলোঁ । নতুনকৈ পোৱালী ওলোৱা বোৱাৰীকেইজনী যাব নোৱাৰে । দুজনীমান উমনিত বহিছে । ডেকাকেইটাৰ ওপৰত আক ঢেৰ দায়িত্ব ...
-বকলা মেলিব নালাগে বুঢ়ী কোনোবা যাবনে নাযায় সেয়া ক ।
-মানে আমাৰ ফালৰ পৰা ময়ে যাম । তয়ে দেখোন কৈ থাক মৰাৰ আগতে হাঁহৰ জীৱনৰ উপৰিও বেলেগৰ জীৱনটোৰ দৰেও জীৱন উপভোগ কৰি চাব লাগে গতিকে ময়ে...
-হব দে বকলা মেলিব নালাগে । তই যাবি বাৰু ।
অনিচ্ছা স্বত্বেও ফচঙে বুঢ়ীক সন্মতি জনালে । দিন বাৰ ঠিক হল । আৰু নিৰ্দিষ্ট দিনটোত পখৰাৰ গাত খোৱা বস্তবোৰ বান্ধি দি তিনিওটা ওলাল । আগে আগে ফচঙ ,মাজত বুঢ়ী আৰু একেবাৰে শেষত পখৰা । বুঢ়ীয়ে ঘৰতে যি মুখ মেলিলে সেইখন বন্ধ নকৰাই হল । পখৰা আৰু ফচঙে শুনক বা নুশুনক বুঢ়ীয়ে নিজৰ মতে টেপটেপাই গল । বুঢ়ীৰ টেপটেপনীত কাণ ঘোলা হোৱাৰ আগতেই সিহঁত গৈ ফচঙে চাই থোৱা ঠাইটুকুৰা পালেগৈ ।
ঠাইটুকুৰা মানে পথাৰৰ মাজৰ এখন কঠীয়ানী । কঠীয়ানীখনৰ এফালে এটা ডাঙৰ পুখুৰি আছে আৰু পুখুৰিটো পাৰতে এজোপা ঔটেঙা গছ । আনফালে এখন বেতনি । বৰ বেছি ঘন নহয় যদিও একেবাৰ পাতলো নহয় । আৰু এই সকলোবোৰকে আগুৰি আছে পথাৰখনে ।
-অ আই তই এইডোখৰ ঠাইৰ কথাই কৈছিলি !! এনেকুৱা কত ঠাই আমাৰ ঘৰৰ কাষতে আছে !
-সেইয়া তোৰ খেচখেচনি আৰম্ভ হলেই নহয় ,তোৰ চকুৰে কিবা এটা ভাল দেখ জানো । সেইবাবেইটো তোক আনিবলৈ মন নাযায় । পাগলী বুঢ়ী । চা ইমান ঠাণ্ডা ঠাই । কাষতে সেইটো পুখুৰী । ছাঁত বহিবলৈ এইজোপা গছ । ইফালে বতাহজাকৰ কথা কবই নালাগে । আৰু সকলোতকৈ ডাঙৰ কথা ইয়াত আমাৰ ভুল ধৰিবলৈ কোনো মানুহ নাই । ইয়াতকৈ আৰু সুখৰ ঠাই তোক লাগে নে ?
ফচঙৰ বকনি শুনি বগী বুঢ়ী অলপ সময় তভক মাৰি ৰল । তাৰ পাছত কলে
-তই ঠিকেই কৈছে ফচং সঁচাইটো ইয়াতকৈ আৰু সুখৰ ঠাই হব নোৱাৰে । এতিয়া বাৰু সেইবোৰ কথা বাদদে । জীৱন উপভোগ কৰোঁ  
কথাষাৰ কৈ বুঢ়ীয়ে ৰৈ নাথাকিল পাখি দুখন ধপধপাই পুখুৰীত নামিলগৈবুঢ়ীক দেখি পখৰাও নামিলগৈ তইও আহ আক ফচং বুলি পখৰাই কেইবাবাৰো মাতিলে যদিও ফচঙে মোৰ গাত অলপ জ্বৰ জ্বৰ ভাৱ এটা আছে বুলি পানীত নমাৰ পৰা আঁতৰি থাকিল । পানী বুলিলেই সাত জাঁপ মৰা ফচঙৰ অজুহাততো দুয়োটিয়ে বুজি পালে যদিও কোনোধৰণ মন্তব্য নকৰি দুয়োটিয়ে পানী খেলাত ব্যস্ত হল । ফচঙে পাৰতে বহি সিহঁত দুটাৰ আলে-লেখ চাই থাকিল । অলপ দেৰি সাঁতোৰাৰ পাছত বগীবুঢ়ীৰ চাগৈ ভাগৰ লাগিল তাই আহি পাৰত বহিলহি । পখৰা কিন্তু তেতিয়াও পানীৰ মাজত । বুঢ়ীয়ে পাৰত বহিয়েই চকু দুটা মুদি নিজৰ বকলা মেলিবলৈ লাগি গল । অতদেৰি শান্তিৰে বহি থকা ফচঙৰ মূৰটো গৰম হৈ গল । সি গৈ ঔটেঙাজোপাৰ ডাল এটাত বহিলগৈ । এইফালে বুঢ়ীয়ে তাইৰ যৌৱন কালৰ কথা কবলৈ লাগিল সিফালে ফচঙো অলীক কল্পনাত মগ্ন হল । হওতে ফচঙে আগতেও কল্পনাৰ মাজত ডুব নোযোৱা নহয় কিন্তু আজি অলপ দিনৰ পৰা তাৰ কল্পনাবোৰ অলপ সলনি হৈছে । এজনী ৰূপহী জাঁই তাৰ কল্পনাত অহা যোৱা কৰিবলৈ ধৰিছে । আজি ৰিব ৰিবকৈ বলি থকা বতাহজাকে ফচঙৰ কল্পনাত ঘিউ ঢলাৰ দৰে কাম কৰিলে । তাৰ চকু দুটা জাপ খাই আহিল । শূন্যৰ মাজৰে জাঁই এজনীয়ে তাৰ ফালে হাতোৰা এখন আগবঢাই দি কলে-আহা....
ফচঙে নিজৰ হাতোৰাকেইখন জাঁইজনীৰ ফালে আগবঢাই দিলে । আৰু সিও শূন্যত ভাহি উঠিল....
এই গোটেই কাণ্ডবোৰ আন এটি জন্তুৱেও লক্ষ্য কৰি আছিল । বেতনিৰ মাজত সোমাই বগীবুঢ়ীক লক্ষ্য কৰি থকা সেই হেপাটোৱে তাৰ তিনিদিনীয়া লঘোনীয়া পেটটোক সান্তনা দি কৈ আছিল-ৰহ নিচিঞৰিবি । আজি তেলাল মাংস পাবি । মাত্ৰ সেই শতৰু কেইটা অলপ আঁতৰ হওক ।
পখৰা পানীৰ মাজত ,ফচং গছৰ ডালত,তাতে বগী বুঢ়ীয়ে টোপনীয়াই আছে এনে এক সুবৰ্ণ সুযোগ সি এৰি দিব নে । হেপাটোৱে মনে মনে কাষলৈকে আহি বগীবুঢ়ীৰ ডিঙিলৈ বুলি জাঁপ এটা মাৰিলে...
হেপাটোৱে জাঁপ মাৰি এই বগী বুঢ়ীৰ গাত পৰেই আৰু ঠিক তেনে সময়তে কল্পনাৰ ৰাজকুমাৰীজনীলৈ হাতোৰা মেলি দিয়া ফচং আহি হেপাটোৰ গাতে পৰিলহি । এটা পল হেপা,বগী বুঢ়ী আৰু ফচং কোনোও তত ধৰিব নোৱাৰিলে আচলতে হল কি ! হেপাটোৱে তাৰ গাত কেনেবাকৈ পখৰা পৰিলহি বুলি বিকট চিঞৰ এটা মাৰি ফচঙক আছাৰ মাৰি পুখুৰীত পেলাই বতাহৰ দৰে পলাই পতং  । বগীবুঢ়ীৰ মাতবোল বন্ধ হৈ টেলেকা লাগি ঠাইতে পৰি ৰল । আনহাতে শূন্যত ভাহি উঠা ফচঙে মাত্ৰ এটা কথাই অনুমান কৰিলে তাৰ গাতো তিতা তিতা লাগিছে । তাৰ পাছত সকলো আন্ধাৰ ।
ফচঙে যি সময়ত জ্ঞান ঘুৰাই পালে সেই সময়ত বগীবুঢ়ীয়ে পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়া সকলোকে ফচঙে কেনেকৈ তাইৰ জীৱন ৰক্ষা কৰিলে তাকে কৈ আছিল তাইৰ কথা চিন্তা কৰি সি হেপাটোৰ গাত জঁপিয়াই পৰিল আৰু হেপাটোও ভয় খাই তাক পানীলৈ দলিয়াই দিলে । পাছত পখৰাইহে তাক পানীৰ পৰা উদ্ধাৰ কৰি চোঁচোৰাই চোঁচোৰাই কোনোমতে ঘৰলৈ আনিলে ...মুঠতে গোটেইবোৰ বিতং ভাৱে বৰ্ণনা কৰি আছিল ।

সকলোৱে ফচঙৰ সাহস আৰু শক্তিৰ শলাগ ললে । নিজৰ প্ৰশংসা শুনি মেলো নেমেলোকৈ ফচঙে চকু দুটা মেলিলে । সি যে টোপনিৰ জালতহে হেপাটোৰ গাত পৰিছিলগৈ সেইটো কথা কোনেও গম নোপোৱাৰ বাবে মনটো ভাল লাগি গল । আনন্দ মনেৰেই সি নিজলৈ চালে ,জিভাৰে চেলেকি চেলেকি চিকুণ কৰি থোৱা দেহাটো বোকাই পানীয়ে একাকাৰ । হয়তো পখৰাই তাক চোঁচোৰাই ঘৰলৈ আনোঁতে লাগিল । প্ৰশংসাখিনিৰ আগত সেইটো কোনো ডাঙৰ কথা নহয় বুলি ভাবি ফচঙে গাতো লৰাবলৈ চেষ্টা কৰিলে । এই প্ৰথমবাৰৰ বাবে সি অনুভৱ কৰিলে তাৰ সোঁ কাণখন খুব বিষাইছে । বাওঁ কাণখন অতীতেই হেৰুৱাই থৈছে এইবাৰ এইখনো কিবা হল নেকি বুলি সি লাহেকৈ চুই চালে আৰু লগা লগ সি চিৎকাৰ কৰি উঠিল-বুঢ়ী ঐ তই নমৰিলি কিয় । তই মৰাহলে মই বৰ ভোজ খালোঁহেঁতন ঐ বুঢ়ী । তই মোৰ চামাৰ কেম্পটোটো খালিয়েই মোৰ বাচি থকা কাণখননো খালি । মই এতিয়া মোৰ জাঁইজনীৰ আগত কেনেকৈ ওলাম ! বুঢ়ী তই মৰ মৰ...
মিয়াওওওওওওওওওওওওওওওওওওওওওওওওওওওওওওও

Monday, 15 August 2016

কিতাপৰ কথা



ফেচবুকত মেঘালীয়ে আৰম্ভ কৰিছিল । এই চেলেঞ্জটোৰ সন্মুখীন কেতিয়াবাই হলোঁ যদিও ব্যস্ততাৰ বাবে এই বিষয়ে একোকে লিখিব পৰা নাছিলোঁ । নতুনকৈ খোজ কাঢ়িবলৈ চেষ্টা কৰা কনমানী এটাক অকলশৰীয়াকৈ ডাঙৰ কৰোঁতে মাক এগৰাকী কিমান ব্যস্ত হব লগা হয় সেয়া কেৱল দেখা সকলেহে বুজিব পাৰিব । কনমানীটোৰ বাবেই মোৰ পঢ়া-শুনা সকলোবোৰ ধোঁৱাচাঙত উঠিল যদিও এই চেলেঞ্জটোৰ কথা মনলৈ ঘুৰি ঘুৰি আহি আছিল ।
ৰিডাৰ চেলেঞ্জ...
মই কেতিয়াৰ পৰা বাহিৰা কিতাপ পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ মনত নাই । মাথো ভোকাতুৰৰ দৰে বাহিৰা কিতাপবোৰ দেখিলেই পঢ়িছিলোঁ । নৱম মানত পঢ়ি থাকোঁতে বাৰ সৈতে বিয়া এখন খাবলৈ গৈছিলোঁ । কইনাৰ ঘৰ । উদুলি-মুদুলি পৰিবেশ । সেইসময়ত মই বৰকৈ সেইবোৰ পৰিবেশ ভাল নাপাইছিলোঁ বাবে ইফালে সিফালে কোঠাই কোঠাই ভুমুকি মাৰি থাকোঁতে এটা কোঠাৰ পঢ়া টেবুলত এখন কিতাপ পালোঁগৈ ।
অসীমত যাৰ হেৰাল সীমা
মই কিতাপত মূৰ গুজিলোঁ । দৰা আহিল,কইনাই কান্দিলে । কইনা বিদায় দিলে । কাহিলি কাহিলি পুৱা হল ।ময়ো কিতাপৰ শেষ পৃষ্ঠাটো পঢ়ি বেলেগ এখন পৃথিৱীৰ পৰা উভতি আহিলোঁ ।
সেই বিয়াখন(যদিও বিয়াৰ নামত মই একোকে নেদেখিলোঁ) কেৱল সেই কিতাপখনৰ বাবেই মনত ৰৈ গল ।
কিতাপৰ বাবে মনত ৰৈ যোৱা আৰু বহু সময়েই আছিল । হাইস্কুলত থাকোঁতেই টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ ঘৰৰ পৰা টিংকলখন খুজি আনি পঢ়িছিলোঁ । কৰবীবাহঁতৰ ঘৰলৈ ঘনাই যোৱাৰ মূল আকৰ্ষণটোও আছিল এই টিংকলেই । দুপৰীয়া সময়খিনিত বাতৰি কাকতখন,মৌচাক,নতুন আৱিস্কাৰখন পঢ়িবলৈ মুনমীহঁতৰ ঘৰলৈ যোৱাটো একপ্ৰকাৰৰ দৈনন্দিন কাৰ্যসূচীত সোমাই পৰিছিল । কিতাপে মোক যেনিয়ে-তেনিয়ে টানি লৈ গৈছিল । বুঢ়ী আইৰ সাধুখন পঢ়িযে কিমান সপোন দেখিলোঁ হিচাপ নাই । তেজীমলাৰ মাহীমাক গৰাকীয়ে মোক খেদি ফুৰিছিল । হয়তো সেই লৰালিতে ঘৃণা কৰা প্ৰথম ব্যক্তিগৰাকীয়েই আছিল তেজীমলাৰ মাহীমাক । অৱশ্যে মাহীমাকক দেখিব নোৱাৰা আৰু এটা ব্যক্তিগত কাৰণো আছিল । মোৰ মা ডাঙৰ হৈছিল মাহীমাকৰ ছত্ৰছায়াত ! মাজে মাজে মায়ে কৈছিল কেনেকৈ পুথাওদেৱে কিনি অনা নতুন বগা চোলাটো মায়ে চুবলৈ পোৱাৰ আগতেই মাহীমাকে হালধি সানি ঢেঁকীশালৰ বেৰৰ খুঁটা এটাৰ ফাঁকত খুচি ভৰাই থৈছিল ! মাহীমাকৰ অলেখ কাহিনীয়ে মনটো তিতা কৰি তুলিছিল । কিন্তু তাৰ মাজতে...
তেজীমলাৰ মাকৰ সাধু
প্ৰকাশক-আঁক-বাক
দাম-২৩০
আঁক-বাকৰ ২০১০-১১ বৰ্ষৰ শ্ৰেষ্ঠ উপন্যাস তেজীমলাৰ মাকৰ সাধু নামৰ মৃদুল শৰ্মাদেৱৰ উপন্যাসখনে তেজীমলাৰ সাধুটোকে আন ধৰণে ভাবিবলৈ বাধ্য কৰালে শৰ্মাদেৱেৰ প্ৰকাশভংগী ইমানেই সাৱলীল যে কিতাপখন পঢ়ি শেষ হোৱাৰ আগতেই মাহীমাকৰ পৰা মাহী শব্দটো মনৰ পৰা আঁতৰাই লৈ যায় । ৰৈ যায় মাথো মা ।
ৰৈ যোৱা শব্দৰ মাজত আৰু অলপ শব্দই কিতাপ ৰূপ লৈ লানি পাতি অহা যোৱা কৰে । তাৰে এখন হ
বাঘশাল বাঘজাল আৰু মানুহ
প্ৰকাশক-বনলতা
দাম-১২০ টকা
মোৰ বাবে পূৰবী বৰমুদৈ বাইদেউৰ লেখা মানে সহজ-সৰল ভাৱে প্ৰকাশ কৰা এলানি শব্দৰ মায়া । বাঘশাল বাঘজাল আৰু মানুহ আমাৰ দৰে পঢ়ুৱৈৰ বাবে বাইদেউৰ পৰা পোৱা এক অনন্য উপহাৰ । নীল গোসাঁই,ৰহদৈ,ডাঙৰজনা গোসাঁনীৰ পৰা আৰম্ভ কৰি জাল পৰা ওলাই যোৱা বাঘিনীজনীলৈকে সকলোৱে কিতাপখনত এক মায়াৰ সৃষ্টি কৰিছে । সেই মায়াৰ পৰা মই আজিলৈকে মুক্ত হব পৰা নাই ।
নিজৰ মাজত সোমাই থকা আৰু কিছু ভাবৰ পৰাও মই মুক্ত হব পৰা নাই ।
সেইয়া শিৱসাগৰ ছোৱালী কলেজত পঢ়ি থকা সময়ৰ কথা । প্ৰিয় লেখকক ভগৱান সদৃশ জ্ঞান কৰা সময়ৰ কথা । নাট্য মন্দিৰলৈ প্ৰিয় ভগৱান দুগৰাকীমান অহাৰ খবৰ পালো । দৌৰি গলো । ভগৱানৰ বাণীৰ দৰে তেওঁলোকৰ ভাষণবোৰ ডায়েৰীত লিখি গলো । তেনেতে এগৰাকীয়ে কলে-
নতুন চামে লেখাৰ নামত যিতি লিখি লেখাৰ মানদণ্ড নিম্নগামী কৰি তুলিছে !
মোৰ কলম ৰৈ গল ! বহুদিনলৈকে । তাৰ পাছতে পঢ়িবলৈ পালো
পপীয়া তৰাৰ সাধু
প্ৰকাশক-বনলতা
দাম-১৬০টকা
ৰীতা চৌধুৰী বাইদেউৰ এই কিতাপখন পঢ়াৰ পাছত এটা এটাকৈ মোৰো নক্ষত্ৰবোৰ খহি পৰিছিল । পপীয়া তৰা হৈ ! মই পুনৰ শব্দৰ সৈতে উজুটি খোৱাৰ প্ৰতিযোগিতা আৰম্ভ কৰি দিছিলোঁ । মাথো সলনি কৰিছিলোঁ আগৰ দৰে প্ৰিয় লেখকক ভগৱানৰ শাৰীত নাৰাখি কেৱল লেখকৰ শাৰীত ৰাখিছিলোঁ ।
কিন্তু এটি নক্ষত্ৰ মোৰ বাবে সদায়ে নক্ষত্ৰ হৈয়ে থাকিব । তেওঁৰ বাবে থকা স্থান কোনো দিনে সলনি নহয় । তেওঁ মোৰ বাবে সদায়ে নক্ষত্ৰ ।
মামণি ৰয়ছম গোস্বামী বাইদেউ ।
বহুদিন আগতে লিখিছিলোঁ-পাৰ হৈ অহা সময়ৰ প্ৰায়বোৰ ঘটনাতেই  মামণি বাইদেউৰ লেখাবোৰ সাঙুৰি চাইছোঁ, আৰু প্ৰতিবাৰেই মই এক অনন্য অনুভৱৰ গৰাকী হওঁ । মামণি বাইদেউৰ ভাষাৰে কবলৈ গলে –প্ৰশান্ত মহাসাগৰৰ অস্ত যাব খোজা সূৰ্যৰ পোহৰ উবুৰি হৈ পৰিছিল । সেই পোহৰ ফাদাৰ বুল্কেৰ চকুৰ পৰা অহা পোহৰৰ সৈতে একে আছিল । মই সেই পোহৰৰ সৈতে মুখামুখি হৈছিলো ।(অপ্সৰা গৃহ, পৃষ্ঠা নং -২১৬)
এৰা , বাইদেউৰ লেখাত প্ৰতিবাৰেই মইও তেনে এক পোহৰৰ সৈতে মুখামুখি হওঁ । সেই বাবেই চাগৈ তেওঁ শ্ৰেষ্ঠ ।

ঈদ

পুৱা দৰজাখন খোলোঁতেই কাষৰ ঘৰৰ ৰুচীয়ে আহি শুভকামনা জনালেহি-ঈদ মোবাৰক ! প্ৰত্যুত্তৰত আমিও তেওঁলোকক শুভকামনা জনালোঁ । দুঘণ্টামান যোৱাৰ পাছতে একাঁহী খাদ্য আহিল । তাৰ পাছতে বায়েক ৰীদাই আহি ঈদৰ বাবে মেঘক পইচা দিলেহি ! মুঠতে সিখন ঘৰৰ পৰা এইখন ঘৰলৈ ঈদটো বাগৰি আহিল যেনেকৈ হোলী ,দীপাৱলীবোৰ সেইখন ঘৰলৈ বাগৰি যায় ।
এইয়া সম্প্ৰীতিৰ চিন নে ? 
২০০৩চনতে হোষ্টেলৰ নিয়মত পতা মোৰ ভণ্টি এজনী আছে । নাম জেৱিন । নিয়মত পতা ভণ্টিজনী এদিন নিজৰ হৈ পৰিল । আজিও আমাৰ মাজৰ মৰমবোৰ সেই একেদৰেই আছে ।
সেইয়াও সম্প্ৰীতিৰ সাক্ষৰ !!
উৎসৱ এটা উপভোগ কৰিবলৈ যাওঁতে আমি সম্প্ৰীতিৰ কথা ভাবিম ?  কাৰোবাৰ সৈতে সম্বন্ধ গঢ়িবলৈ যাওঁতেও সেইবোৰ কথা ভাবিম ?  নাই,আন কোনোবাই সেইবোৰ ভাবি থাকিব পাৰে আমি নোৱাৰোঁ । উৎসৱক আমি উৎসৱক হিচাপেই উপভোগ কৰিছোঁ আৰু কৰিম ।  তাৰ মোৰ সেই হিচাপে নহয় । আৰু ভালপোৱা...ভালপোৱা কেৱল অনুভৱৰ সাক্ষৰ ।
দুদিনমানৰ পাছত ৰাখী বন্ধন আহি আছে । মেঘৰ এগাল বায়েক আছে । তাৰ মাজতে ৰীদাক মই নিজেই কৈ থৈছোঁ –মই কিন্তু ভাল উপহাৰ আনি থম । ভাইকৌ ৰাখী পেহনানা পৰেগি ।
ৰীদা সাজু । জানো বুজন হোৱাৰ পাছত মেঘো সাজু হব ।কাৰণ সি এনে এখন ঘৰত জন্ম লৈছে যিখন ঘৰত না ভগৱানৰ নিয়মৰ প্ৰৱেশ আছে না গড,আল্লাৰ । মেঘ সাজু হব মানুহ হিচাপে ,সম্প্ৰীতিৰ নিদৰ্শন হিচাপে নহয় ।
সকলোলৈকে ঈদৰ শুভকামনা যাঁচিলোঁ ।


আবেগ,অসমীয়াৰ আৰু প্ৰবাসী অসমীয়া



এইয়া সেই সময়ৰ আবেগ । শাওণ মহীয়া ভূঁই ৰুই আহি আবেলি পুনৰ দ কঠীয়াতলীত কঠীয়া তুলিবলৈ যোৱা মাৰ অৱশ ভৰি দুখন দেখি সপোন দেখাৰ সময়ৰ অনুভৱ । যৌৱনৰ বতাহ জাকে আউলী-বাউলী কৰা আপোনাৰ মোৰ দৰেই কোনোবাই প্ৰেমিক-প্ৰেমিকা হৈ পাৰ্ক নতুবা হোটেলত কবিতা ৰচা সময়ত আমিবোৰ নিজৰ অনুভূতিৰ ওপৰত বাস্তৱৰ কঠিনতা আৰু সপোনবোৰ মেলি কাৰোবাৰ সন্তানক পঢুৱাইছিলোঁগৈ । কোনোজনে কেইটকামানৰ বাবে ঘৰে ঘৰে বস্তু বিক্ৰী কৰিছিলগৈ । কেৱল সপোনৰ বাবেই । মাৰ অৱশ ভৰি দুখনক শান্তি দিবলৈ,দেউতাৰ খহটা হৈ পৰা হাতখনত অলপ কোমলতা আনিবলৈ । জাৰত কঁপি কঁপি স্কুললৈ যোৱা ভাইটোৰ গাত এটা গৰম চোলা দিবলৈ ।
আপুনি জানো এইবোৰ বুজি পাব ? নাপায় ? আপুনি মাথো বুজি পায় আমি প্ৰবাসী অসমীয়া ,আমি এচি কোঠাত বহি আৰাম কৰা মানুহ । আপুনি নাজানে আমিও শাওণ মহীয়া পথাৰলৈ যোৱাৰ কথা । আলু-দাইলৰ অভাৱত কেৱল ডাল কচুৰে ভাত খোৱাৰ কথা ।
কেতিয়াবা এনে লাগে আপুনি হয়তো আমিবোৰে তেনেকৈ অভাৱত থাকি যোৱা হলেই ভাল পালেহেঁতেন । মাৰ গাঁতত সোমোৱা চকুহাল চাই চাই কাৰোবাৰ ঘৰৰ নঙলা ভাঙি থকাহঁলেই আমিবোৰ আপোনাৰ ভাষাত খাটি অসমীয়া হলোঁহেঁতেন ! ৰাস্তাই-ঘাটে টায়াৰ জ্বলাই নেতা হোৱা হলে আপোনাৰ পৰা কথা কোৱাৰ অধিকাৰ পালোঁ । ক্ষমা কৰিব আমি আপুনি ভবাৰ দৰে হব নোৱাৰিলোঁ ।
আমিবোৰে মা-দেতাৰ ঘামৰ টোপাল হিচাপ কৰি কৰি অভাৱত থাকি সপোন দেখিছিলোঁ । সেই সপোন মাৰ কাষত থাকি পুৰাব নোৱাৰা বাবেই আজি প্ৰৱাসী হলো । আপুনি জানো নাজানে মাৰ কাষৰ পৰা আঁতৰি থকা সন্তানৰ বুকুৰ ভাষা । অন্তত এইটো অনুভৱটো সকলোৰে একেই হয় ? তেন্তে কেনেকৈ কটাক্ষ কৰিব পাৰে মাৰ বুকুৰ উমৰ অবিহনে আমি সুখী !
আপুনি বিজ্ঞানী হল বুলিয়েই আমিতো বিজ্ঞানী হব নোৱাৰোঁ । আপুনি সফল ব্যৱসায়ী হল বুলিয়েই আমি জানো হম । যত আমাৰ পাৰদৰ্শিতা আছে তাতে আমি সফল হম । আৰু সেই সফলতাৰ পিছে পিছে আহিয়েই আমি প্ৰবাসী হলো ।
এতিয়া আমাৰ মায়ে অৱশ শৰীৰটো টানি লৈ ফুৰিব নালাগে । আমাৰ দেউতাৰ হাতখন মাখনৰ দৰে কোমল নহলেও ওখোৰা-মোখোৰাবোৰ সমান হৈছে । ভাইটোৰ মুখত হাঁহি বিৰিঙিছে । ফেচবুকত প্ৰচাৰ নকৰো বাবেই আনে নাজানে যদিও আমাৰ ঘৰখনৰ লগতে আন কাৰোবাৰ ঘৰ ,আনকোনোবা আমাৰ দৰে দুখীয়া শিক্ষাৰ্থীয়ে কিতাপ,ফীজ বা কাপোৰ অভাৱত হাজিৰা কৰিবলৈ যাব লগা হোৱা নাই ।
কাৰণ এটাই আমি প্ৰৱাসী ।
আমি প্ৰৱাসী । তথাপিও আমাৰ প্ৰৱাসৰ ঘৰত সোমায়ে আপুনি জাপিটো দেখিব । কিতাপৰ আলমাৰিটোলৈ চালে দেখিব হয়তো আপোনাৰ ঘৰতো সিমান অসমীয়া কিতাপ নাই যিমান আমাৰ ঘৰত আছে । আমাৰ সন্তান,আমাৰ পোহনীয়া জীৱ-জন্তুৱেও আপোনাক অসমীয়াত সম্ভাষণ জনাব । কোনোবাই সুধিলেই আমিবোৰে বুকু ফুলাই কওঁ আমি অসমীয়া । আৰু তেনেস্থলত আপুনি কয়-অসমৰ কথাত মাত মতাৰ আমাৰ কোনো অধিকাৰ নাই ?
কেৱল প্ৰৱাসী হোৱাৰ বাবেই !!

ভুলটোক আমি ভুল বুলিয়েই কম । আমাৰো যদি ভুল হয় যুক্তিৰে সেই ভুল প্ৰমাণ কৰি দেখুৱাই দিয়ক । আমি নতশিৰে মানি লম । মাথো কিবা-কিবি আবেগ অলপলৈ আমাৰ অভিমানত আঘাত কৰিবলৈ নাযাব । নহলে আবেগ আমাৰো আছে ....